অসম

চাবুৱাত মানুহে মানুহৰ বাবে গীত গাই গৌৰী লংকেশৰ প্ৰতি শ্ৰদ্ধা জনালে সংবাদকৰ্মীয়ে

প্ৰথম খবৰ, চাবুৱাঃ আজি চাবুৱাত অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত চাবুৱা মিডিয়া ফ’ৰাম, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চ, চাবুৱা প্ৰেছ গীল্ড, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মটক যুৱ – ছাত্ৰ পৰিষদে মানুহে মানুহৰ বাবে’ শীৰ্ষ সংগীতটো পৰিবেশন কৰি অসমৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনক শ্ৰদ্ধাৰে পালন কৰাৰ লগতে আততায়ীৰ হাতত গুলিবিদ্ধ হৈ মৃত্যুমখত পৰা সাংবাদিক গৌৰী লংকেশৰ মৃত্যুত শোক প্ৰকাশ কৰি সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি এহেজাৰ এগছি বন্তি প্ৰজ্বলন কৰি সাংবাদিকগৰাকীক  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close