অসম

চামগুৰিত ক্ৰীড়া ভাৰতীৰ উদ্যোগত ভাৰত জাগা দৌৰ কাৰ্যসূচী

চামগুৰিৰ পৰা নৃপেন হাজৰিকা, প্ৰথম খবৰ: নগাঁও জিলাৰ চামগুৰিত ক্ৰীড়া ভাৰতী নগাঁৱৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে চামগুৰি গড়কাপ্তানি ডাক বাংলাৰ প্ৰাঙ্গণত ভাৰত জাগা দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত ভাৰত জাগা দৌৰ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। বিশিষ্ট অতিথি হিচাপে উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যহক্ষ জিতু গোস্বামী।

সমাজকৰ্মী তথা উদ্যোক্তা পাৰ্থপ্ৰতিম হাজৰিকাই আঁতধৰা উক্ত কাৰ্যসূচীত চামগুৰি অঞ্চলৰ বহু কেইখন বিদ্যালয়ৰ প্ৰায় দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে।

আজি অনুষ্ঠিত দৌৰ কাৰ্যসূচীত চামগুৰি গড়কাপ্তানি ডাক বাংলাৰ পৰা চামগুৰি হাস্পতাল তিনিআলি হৈ পুনৰ ডাক বাংলাত আহি সামৰণি পৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাৰিগৰাকী ক্ৰীড়া বিদৰ মাতৃক গামোছা আৰু মানপত্ৰৰে সন্মান জনোৱা হয়। উক্ত কাৰ্যসূচীত ক্ৰীড়া ভাৰতীৰ উত্তৰ পূৱ প্ৰান্তৰ সংযোজক নিৰ্মলেন্দু দে, নগাঁও জিলাৰ সভাপতি ৰমেশ আগৰৱালা, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক মৃদুল নেওঁগ, বাজিয়া গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য চমুৱা আদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close