অসম

চাৰি অক্টোবৰত শিক্ষামন্ত্ৰী কাকপথাৰ ভ্ৰমণ

ডিৰাকৰ পৰা সত্যজীত চেতিয়া, প্ৰথম খবৰ: অহা অক্টোবৰ মাহ চাৰি তাৰিখে অসমৰ শিক্ষা মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলা ভ্ৰমনলৈ আহিব ৷ উক্ত ভ্ৰমন কালত তেখেতে ডিৰাক, কপাহতলি গাঁৱত এখনি “আদৰ্শ মহাবিদ্যালয়” স্থাপনৰ বাবে আধাৰশীলা স্থাপন কৰিব ৷ উক্ত অনুস্থানত উপস্থিত থাকিব লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতীয়াৰ লগতে বহুকেইজন চৰকাৰী বিষয় ৷

কাকপথাৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ দীৰ্ঘ দিনীয়া দাবীৰ অন্তত শেহতীয়াকৈ স্থাপন হ’বলগীয়া এই চৰকাৰী মহাবিদ্যালয়খনৰ আধাৰশীলা অনুষ্ঠানত অঞ্চলবাসী সদৌটি ৰাইজৰ একান্তই কামনা কৰিছে সদৌ মৰাণ ছাত্র সন্থা, ডিৰাক আঞ্চলিক সমিতিয়ে৷ লগতে আদৰ্শ মহাবিদ্যালয় প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃৃবৃন্দকো উক্ত কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। উক্ত কাৰ্যসূচী পুৱা দহ বজাৰ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হোৱাৰ পাছত মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাওনা হ’ব ডঃ ভূপেন হাজৰিকাৰ জন্মভূমি তথা ইতিহাস প্ৰসিদ্ধ চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া চহৰলৈ ৷ এই যাত্ৰা কালত মন্ত্ৰীগৰাকীয়ে প্ৰথম বাৰলৈ ভাৰত বৰ্ষৰ দীৰ্ঘতম নদীৰ দলং ধলা-শদিয়াৰ ওপৰেৰে যাত্ৰা কৰিব ৷ শদিয়াত মন্ত্ৰী গৰাকীয়ে কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close