Home / অসম / চিকিৎসা কৰ্মীক ধনদাবী কৰি আটক সাংবাদিক

চিকিৎসা কৰ্মীক ধনদাবী কৰি আটক সাংবাদিক

নিউজ ডেস্ক,প্ৰথম খবৰ: দীৰ্ঘদিন ধৰি বজালী মহকুমাৰ বিভিন্ন প্ৰান্তত ধন দাবী কৰাৰ অভিযোগত  আজি ৰাইজে এজন সাংবাদিকক  আটক কৰি আৰক্ষীক গতাই দিয়া ঘটনাই সমগ্র মানিকপুৰ অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত অভিযোগ মৰ্মে  নিজকে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন মাহেকীয়া কাকতৰ অকয়াৰ সাংবাদিক বুলি পৰিচয় দিয়া কমল শৰ্ম্মা ওৰফে কমল প্ৰতিম শৰ্মা গোস্বামী নামৰ যুৱকজনে একাংশ লোকক বিভিন্ন সময়ত ধন দাবী কৰি একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল। এশ গৰু খালে যে বাঘৰো মৰন এই কথা জনা নাছিল এইজন  সাংবাদিকে। অতি আশ্বৰ্যৰ কথা হল সমগ্র সাংবাদিকক কলংকিত কৰা এইজন সাংবাদিকে নিজৰ শক্তিৰে নোৱাৰিলে বজালীৰ ভিন্ন বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিকৰ নাম কৈ ভিতি প্ৰদৰ্শন কৰি বহুতকে দীৰ্ঘদিন ধৰি ব্লেক মেইলিং কৰি অহা বুলি ৰাইজে অভিযোগ কৰিছে।  বজালী আৰু বাস্কাৰ সীমান্তৱৰ্তী মানিকপুৰত থকা সৰু মানিকপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী মাহমুদ মকছেৰ আলী নামৰ লোকজনক ধন দাবী কৰাৰ পিছত আজি দাবী কৰা ধন নিবলৈ অহোতে পূৰ্ব পৰিকল্পিত মতে স্হানীয় ৰাইজ আৰু চিকিৎসালয়ৰ কৰ্মীয়ে কমলক আৱদ্ধ কৰি ৰাখে । ইয়াৰ পিছত চিকিৎসালয়ত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে।এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ সাংবাদিক জনক আটক কৰি লৈ যায়। ইপিনে এই ঘটনাক ধৃত সাংবাদিকজনে অস্বীকাৰ কৰিছে। ঘটনাৰ প্ৰকৃত তদন্তৰ বাবে বজালীৰ সাংবাদিক মহলে প্ৰশাসনক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*