অসম

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, চিচিবৰগাঁও: শাৰদীয় দুৰ্গোৎসৱৰ মাজতে চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চিলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ। দুজন থিতাতে নিহত। এজনৰ অৱস্থা অতি সংকটজনক।

মৃত এজনৰ নাম ২ নং মাজৰবাৰীৰ অশোক দলে। মৃত আনজনৰ নাম চিচিবৰগাঁও গেলুৱাৰ ফজল আলি। আনজন প্ৰদীপ টায়েং সংকটজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বাইক নং As-22-B-4110। দুখন মটৰচাইকেলত চাৰিজন লোক গৈ আছিল। এখন বাইকৰ নম্বৰ AS-22-B-4110 আনখন বাইক নম্বৰ প্লেট বিহীন। ঘটনা সংঘটিত কৰি এজন পলায়ন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close