অসম

চিলাপথাৰত শংকৰদেৱ সংঘৰ ১৭ সংখ্যক শিশু, যুৱ, আই- মাতৃ সমাৰোহৰ সফল সামৰণি

প্ৰথম খবৰ, চিচিবৰগাঁও: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, মৃত্যুঞ্জয়ী যুগনায়ক সৰ্বগুণাকৰ পুৰুষোত্তম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী অৱদান ধৰ্ম, দৰ্শন, সাহিত্য- সংস্কৃতি মেটমৰা সম্ভাৰ সমূহৰ সংৰক্ষণ, সংবৰ্ধন, অনুশীলন আৰু এই মানৱ কল্যাণকামী সম্পদৰাজী নৱ প্ৰজন্মৰ অন্তৰাত্মালৈ প্ৰৱাহিত কৰি এক শুদ্ধ সত্য ঐক্য- সম্প্ৰীতি আৰু শান্তিৰ সৰ্বাঙ্গসুন্দৰ সমাজ গঢ়াৰ মহান লক্ষ্য আগত ৰাখি চিলাপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ১৭ সংখ্যক শিশু, যুৱ, আই- মাতৃ সমাৰোহৰ আজি সফল সামৰণি পৰে।

শিৰোমণি (চিচি) আঞ্চলিক শাখাৰ উদ্যোগত আৰু চিলাপথাৰ নগৰ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ দ্বিতীয় দিনা সমাৰোহৰ অন্যতম কাৰ্যসূচী হিচাপে ১০০ যুৱক- যুৱতীয়ে একেলগে একেসময়তে শ্ৰীমদ্ভাৱতৰ পাঠ আৰু ব্যাখ্যা কৰাৰ লগে লগে এক প্ৰকাৰে বৈকুন্ঠপুৰীলৈ ৰূপান্তৰিত হয় চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়। এই কাৰ্যসূচীৰ জৰিয়তে সংঘই এক নতুন অভিলেখ গঢ়িবলৈও সক্ষম হয় বুলি অধিকাংশই মতপোষণ কৰে।

উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি সংঘৰ ইতিহাসত এই মহৎ প্ৰচেষ্টা এয়াই প্ৰথম। স্বাভাৱিকতেই শংকৰদেৱ সংঘৰ অনুষ্ঠান উপভোগৰ বাবে চিলাপথাৰলৈ বিভিন্ন প্ৰান্তৰ ভকত- বৈষ্ণৱসকলৰ আগমন ঘটা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close