অসম

চেঙাৰ বৰভিঠাত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া 

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰভিঠা গাঁৱত চলি থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত এতিয়া নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ। বানে বিধ্বস্ত কৰাৰ পিছত এইবাৰ গৰাখহনীয়াই কালৰূপ ধৰিছে বৰভিঠা গাঁৱত। ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে কুৰিটাৰো অধিক পৰিয়ালৰ মাটি-ভেটি-খেতি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু শতাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই খহনীয়াই।

বৰ্তমানো কেইবাটাও বাসগৃহ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ যো-জা চলাই আছে। চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ জনতাই। সোমবাৰে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

এনেকৈ দিনে- নিশাই বৰভিঠা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অতি সোনকালে বৰভিঠা অঞ্চল অসমৰ মানচিত্ৰৰ পৰা যে হেৰাই যাব তাত কোনো সন্দেহ নাই। স্থানীয় ৰাইজে অতি সোনকালে গৰাখহনীয়া ৰোধ কৰি গাঁওখনৰ লগতে জনসাধাৰণৰ মাটি-ভেটি- সম্পত্তি ৰক্ষা কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰখনলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close