অসম

ছয়দুৱাৰ মহাবিদ্যালয়ৰ আলোচনা চক্ৰ মনোৰম গগৈ, সত্য উন্মোচন কৰাই হ’ল সাংবাদিকৰ ধৰ্ম

গহপুৰৰ পৰা ভুৱন শইকীয়া, প্ৰথম খবৰ: সাংবাদিকসকল হ’ল সমাজ বিজ্ঞানী। সত্য উন্মোচন কৰা, সত্য বিচাৰ কৰাটো হ’ল সাংবাদিকৰ ধৰ্ম। জনমত গঠনত সাংবাদিকৰ ভূমিকা উল্লেখনীয়। সাংবাদিকসকলে মালিকৰ স্বাৰ্থত/ ৰাজনৈতিক নেতাৰ স্বাৰ্থত লিখিলে নহ’ব….

ছয়দুৱাৰ মহাবিদ্যালয়ৰ মানৱ অধিকাৰ অধ্যয়ণ কেন্দ্ৰ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ গহপুৰ আঞ্চলিকৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত “সাম্প্ৰতিক প্ৰেক্ষাপটত মানৱ অধিকাৰ” শীৰ্ষক আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে ভাষণ প্ৰসংগত এইদৰে কয় অসম সাংবাদিকতা বিদ্যালয়ৰ সঞ্চালক তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে।


আলোচনা চক্ৰখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি গহপুৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ যজ্ঞেশ্বৰ গগৈয়ে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজাই সঞ্চালনা কৰা আলোচনাচক্ৰখনিত ইটানগৰস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধ্যাপক পুৰা টাডুৱে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব ৰিতুল বৰুৱাৰ লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতি বিশ্বনাথ জিলা সমিতিৰ অধ্যক্ষ লক্ষী ভূঞা, সচিব ৰনজিৎ শইকীয়া। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জগন্নাথ উপাধ্যায় আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি গহপুৰ আঞ্চলিক সমিতিৰ সচিব তুৱাকান্ত দুৱৰাই আঁত ধৰা আলোচনা চক্ৰখনত শতাধিক ছাত্র ছাত্রী, সাংবাদিক, সমাজসেৱীয়ে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close