বিনোদনশীৰ্ষ

জুবিনৰ ক্ষোভ

নিউজ ডেস্ক,প্ৰথম খবৰ: পৰিৱৰ্তনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনে। বিমান বন্দৰত ৪ ঘণ্টা ধৰি বিমানৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ল জুবিনে। জেট এয়াৰৱে’জৰ বিমান আহি পাওতে ৪ ঘণ্টা পলম হোৱাৰ উপৰিও যাত্ৰীৰে বিমান ভৰি পৰাৰ পিছতো অনাৱশ্যকভাৱে পুনৰ দুঘণ্টা সময় ধৰি ৰখাই থোৱা হয়। বিলম্বৰ কথা বিমান কৰ্তৃপক্ষক জুবিনে সোধাত যাত্ৰীৰ বাবে ৰৈ থকা বুলি উত্তৰ দিছিল বিমান কৰ্তৃপক্ষই। এতিয়া জুবিনৰ প্ৰশ্ন, কি হৈছে এইখন ভাৰতত? এয়াই নেকি পৰিৱৰ্তন? জুবিনৰ মতে পুঁজিবাদে গোটেই দেশ গ্ৰাস কৰি পেলাইছে। ইয়ে আমাক মৃত্যুমুখলৈ লৈ যাব। উল্লেখ্য যে বিমানবন্দৰত প্ৰৱল বৰষুণৰ বাবেও পলম হৈছিল বিমান যাত্ৰা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close