নিবন্ধসাহিত্য

জেলেপি: প্ৰতিটো ভাজত অনুভূতিৰ ৰেঙনি

কংকনা দাস:

মিঠা পৰশত ৰহন সানি, ভালপোৱাৰ মধুৰ ক্ষণৰ লুকা-চুৰি, সকলোৱে বৰ আদৰ কৰা এবিধ মিঠাই। মধুৰ স্মৃতিৰ সঞ্চয় কৰিছে প্ৰত্যেকৰে মনত, প্ৰত্যেক লোককে এক মিঠা সময়ত আপ্লুত কৰিছিল। হালধীয়া ৰঙেৰে সুশুভিত বেলেগ বেলেগ আকাৰে গঠিত অলপ যদি ডাঙৰ তেন্তে অলপ সৰু। মিঠা স্মৃতিৰ আবিৰ ছটিয়াই সকলোকে আপ্লুত কৰে। মিঠা সোৱাদত মন্ত-মুগ্ধ কৰি তোলে। সুস্বাদু এইবিধ মিঠাই ‘জেলেপি’য়ে দিয়ে ভাল লগা মুহূৰ্ত।

ঘূৰণীয়া আকৃতিৰ এইবিধ সুস্বাদু মিঠাইৰ প্ৰতিটো পাকত আছে মিঠা অনুভূতি। সোঁৱৰণীৰ পৃষ্ঠাত কিমান যে অনুভৱ এইবিধ মিঠাইৰ লগত। সকলো মিঠাইৰ দোকানত উপলব্ধ জেলেপি। অনুভূতিৰ বুকুত সঞ্চয় মিঠা ক্ষণবোৰ। শৰতৰ গধূলিত উপভোগ কৰা শৈশৱত দুৰ্গা পূজা এক উৎসৱ মন পুলকিত কৰে। সেই সময়ত সকলো আনন্দত মতলীয়া হয়। জেলেপি দূৰ্গা পূজাৰ এক আকৰ্ষণীয় মিঠাই। দুয়োৰে যেন ওতঃপ্ৰোত সম্বন্ধ। বিশেষভাৱে পূজাত এইবিধ মিঠাই তৈয়াৰ কৰা হয়। ইয়াৰ লগতে অন্য বহুত ধৰণৰ ভিন্ন আকৃতিৰ মিঠাই পূজাত তৈয়াৰ হয়। কিন্তু শৰতৰ গধূলিত পথৰ দাঁতিতস্থিত দোকানত জেলেপি খোৱাৰ মাদকতাই বেলেগ। ক’ত যে মানুহৰ সমাহাৰ দোকানবোৰত। শৈশৱৰ স্মৃতিবোৰ সজীৱ কৰি তোলে। লোকা-চুৰি কৰি পাকঘৰৰ পৰা দুই-এখন জেলেপি খোৱা আজিও মনত পৰে। দূৰ্গা দেৱীৰ আগত সেৱা জনাই আহি জেলেপি নাখালে যেন সকলো আধৰুৱা হৈ পৰে। সৃষ্টি হয় অনুৰাগত লিপ্ত মনৰ। মিঠা সুৱাসত সকলো ব্যস্ত উৎসৱটি অধিক উৎসাহেৰে পাৰ কৰাত।

এইবিধ মিঠাই কেতিয়া তৈয়াৰ পৰা হয় সঠিক তথ্য নাই। কিন্তু ৰজা-মহাৰজাৰ দিনৰ পৰাই তৈয়াৰ কৰা হৈছিল। মিঠাই বিধৰ যাত্ৰা সেই তাহানিৰ দিনৰ পৰাই সকলোৰে মন আপ্লুত কৰি আহিছে। সকলো ঠাইত ইয়াৰ জনপ্ৰিয় অধিক।

যদিও আগতে এইবিধ মিঠাই অকল পূজাৰ সময়ত বিশেষভাৱে উপলব্ধ হয় পিছে আজিকালি সকলো সময়ত পোৱা যায়। জেপেলি বুলি ক’লে মনলৈ আহে এক মধুসনা অনুভৱ। সৃষ্টি হয় এক অনুভূতিৰ, ব্যক্ত কৰি বুজাব নোৱাৰা। পূজাত এই মিঠাইৰ চাহিদা বহু পৰিমানে বৃদ্ধি হয়, আলহি ঘৰলৈ আহিলে এই বতৰত জেলেপিৰে ভৰপূৰ টোপোলাটো সকলোৰে পৰিচিত। পিছে গৃহস্থই আলহীক সম্ভাষণ জনাই এইবিধ মিঠাই জেলেপিয়ে। এই উৎসৱৰ বতৰত মিঠা অনুভূতিৰ অনুভৱ সকলোৰে মাজত সৃষ্টি হয় এক অব্যক্ত সুখৰ। সকলোকে মিঠা সুৱাসত আৱদ্ধ কৰি ৰাখে। মধুৰ সময়ত ভাঁহি উঠে এক অন্তনিৰ্হিত মধুৰ ভাবৰ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close