অসম

টিংৰাইত কিশোৰীৰ ওপৰত অসৎ চৰিত্ৰাৰ্থ যুৱকৰ, অভিযুক্তক গ্ৰেপ্তাৰ 

প্ৰথম খবৰ, দুলীয়াজান: দুলীয়াজান আৰক্ষী থানাৰ অধীনৰ টিংৰাই আৰক্ষী চকীৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ এগৰাকী ১০ বছৰীয়া কিশোৰীক এজন যুৱকে কেইবাবাৰো অসৎ চৰিত্ৰাৰ্থ পূৰণ কৰি আজি আৰক্ষীৰ জালত। যুৱকজন একেই অঞ্চলৰ জিতেন তাঁতি (২৩ )বুলি জানিব পৰা গৈছে।

আজি পৰিয়ালৰ গোচৰৰ ভিত্তিত টিংৰাই আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাই ডিব্ৰুগড় আৰক্ষীৰ সহায়ত পলাতক অভিযুক্তক ডিব্ৰুগড়ৰ মাজমজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ ভাষ্য মতে, কিশোৰীগৰাকীক ধৃত যুৱকজনে নিজৰ ঘৰত মাকৰ কামত সহায় কৰি দিবলৈ বুলি ফুচুলাই আনি বাৰম্বাৰ এনে অসৎ উপায় পূৰণ কৰে। কালি নিশাও একেই ঘটনাৰ পাছত পৰিয়ালৰ লোকক কিশোৰী গৰাকীয়ে সবিশেষ জনোৱাত আজি টিংৰাই আৰক্ষীক যুৱকজনৰ বিৰুদ্ধে অৱগত কৰে। ধৃত অভিযুক্ত যুৱকজনক ইতিমধ্যে দুলীয়াজান আৰক্ষী থানাত ৩৩০/১৭ নম্বৰ আৰু ৩৭৬ আই / ৪ ( pocso) ধাৰা গোচৰৰ ভিত্তিত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ।

Related Articles

Leave a Reply

Close