অসম

টীয়কত প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম অটল অমৃত যোজনা : বামুণপুখুৰী গাঁও পঞ্চায়তত বঞ্চিত ৭০% গাঁওবাসী

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য্য, প্ৰথম খবৰ: ভাৰত চৰকাৰৰ অভিলাসী স্বাস্থ্য বীমা আঁচনি ” অটল অমৃত যোজনা ” যোৰহাট জিলাৰ টীয়ক সমষ্টিত প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম হৈছে। সমষ্টিটোৰ ৪ নং বামুণপুখুৰী গাঁও পঞ্চায়তত ৭০% গাঁওবাসী বঞ্চিত হৈছে এই যোজনাৰ পৰা।

জানিব পৰামতে, পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডত অটল অমৃত যোজনাৰ পৰিচয় পত্ৰ বিতৰণৰ কাম চলি আছে। কিন্তু পৰিচয় পত্ৰ ক’ত কেতিয়া বিতৰণ কৰা হ’ব সেই বিষয়ে জ্ঞাত নহয় জনসাধাৰণ । উদাহৰণস্বৰূপে চূড়ামনি ৰাজহ গাঁৱৰ বাসিন্দা সকলৰ বাবে কালি শিৰুমণি গাঁও প্ৰাথমিক বিদ্যালয়ত এই যোজনাৰ কাৰ্ড প্ৰদান কৰা হৈছিল যদিও এই বিষয়ে স্থানীয় ৰাইজ অৱগত নোহোৱাত সৰহ সংখ্যক লোকেই বাদ পৰি ৰয়।

লক্ষ্যণীয় যে ৰাইজক খবৰ দিয়াৰ দায়িত্ব গাঁও পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ , আশাকৰ্মীৰ নে কাৰ কোনেও নাজানে। আনকি টীয়ক ৰাজহ চক্ৰ বিষয়াইও এই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close