অসম

টীয়কত শ্ৰেষ্ঠ পূজা সমিতিক পুৰষ্কৃত কৰিব প্ৰশাসনে

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: এইবাৰ দুৰ্গাপূজাত স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিছে প্ৰশাসনে৷ টীয়ক ৰাজহ চক্ৰ অন্তৰ্গত উদ্‌যাপিত প্ৰতিখন পূজা মণ্ডপক এইবাৰ বিশেষ ব্যক্তিয়ে নিৰীক্ষণ কৰা হ’ব৷ প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম মানি চলা আৰু আধ্যাত্মিকতা ৰক্ষা কৰি স্বচ্ছতাৰ ৰক্ষা কৰি আৰম্ভণিৰ পৰা বিসৰ্জনলৈকে সূচাৰুপে সমাপন কৰা পূজা উদ্‌যাপন সমিতিক ১ম ,২য়,৩য় আদি স্থান দি পুৰষ্কৃত কৰা হ’ব আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হ’ব৷ এই পত্ৰত টীয়ক নগৰ সমিতিৰ সভাপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ স্বাক্ষৰ থাকিব৷ এইক্ষেত্ৰত জাক জমকতাক গুৰুত্ব দিয়া নহ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close