অসম

টেঙাগুৰিত পৱিত্ৰ ঈদ উল জুহাৰ সমূহীয়া নামাজ সম্পন্ন

প্ৰথম খবৰ, লাহৰীঘাট: ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে ভূৰাগাঁৱৰ টেঙা গুৰি ইছলামীয়া ও হাফিজীয়া মাদ্ৰাছাৰ ফিল্ডতো ১০ বজাত সম্পন্ন হয় পৱিত্ৰ ঈদৰ নামাজ। প্ৰায় সহশ্ৰাধিক লোকে একে লগে সন্মিলিতভাবে আদায় কৰে ঈদৰ নামাজ। ইফালে বলিয়া বানে লাহৰীঘাট অঞ্চলৰ লোকসকলৰ ককাল ভাঙি পেলাইছে যদিও ঈদ উপলক্ষে সকলোৰে মুখত বেজাৰৰ পৰিৱৰ্তে কিন্তু দেখা গ’ল হাঁহিৰ বিৰিঙনি।

নিজৰ আত্মীয় স্বজন তথা বন্ধুবোৰক লগ পাই বাৰুকৈয়ে আনন্দ উপভোগ কৰাৰ উপৰিও ইজনে-সিজনক আলিংগন কৰি শান্তি সমৃদ্ধি কামনা কৰে। আনফালে, ঈদৰ নামাজৰ শেষত ইমাম হুজুৰে সমগ্র বিশ্বৰ মানৱ জাতিৰ মাজত শান্তি আৰু ঐক্য ভেঁটি সুদৃঢ় হওঁক সকলোৰে জীৱন সুখ শান্তিময় হওঁক অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা হওঁক তাৰ বাবে মহান আল্লাহল ওচৰত প্ৰাথনা জনাই।

Related Articles

Leave a Reply

Close