অসম

ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গণস্বাক্ষৰ অভিযান

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: অসম ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে ভাৰত ৰত্ন দিয়াৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে আজিৰ পৰা আৰম্ভ কৰিছে গণস্বাক্ষৰ অভিযান। আজি নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে অনুষ্ঠিত কৰা সুধাকণ্ঠৰ ওপজা দিনৰ কাৰ্যসূচীত অংশলৈ সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক উৎপল কোঁৱৰে কেন্দ্ৰীয় সমিতিৰ এই কাৰ্যসূচী ঘোষনা কৰে।

কেন্দ্ৰীয় নেতাগৰাকীয়ে উল্লেখ কৰে যে এই অভিযান আজিৰ পৰা সুধাকণ্ঠৰ মৃত্যু তিথি ৫ নৱেম্বৰ পৰ্যন্ত সমগ্র অসমতে চলিব আৰু সেইদিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ গণস্বাক্ষৰ সহ এক দাবী পত্ৰ প্ৰেৰণ কৰিব। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠানিক সম্পাদক প্ৰণৱ গগৈ, জিলা নেতৃত্ব আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকলে যোগদান কৰা এই ওপজা দিনৰ কাৰ্যসূচীতেই আজি সংগঠনটোৰ গণস্বাক্ষৰ অভিযান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে।

৯ চেপ্তেম্বৰৰ পৰা সমগ্র অসমতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই অভিযান চলাব। আজিৰ অনুষ্ঠানত অংশলৈ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই উল্লেখ কৰে যে ভাৰত গৌৰৱ অসম ৰত্ন বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিবলৈ দাবী জনাব লগা হোৱাতো অতি পৰিতাপৰ বিষয় কিন্তু অসমীয়া ৰাইজে দাবী নকৰিলে একো নাপায়। সেইয়ে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচী গ্ৰহন কৰিছে ।

Related Articles

Leave a Reply

Close