অসম

ডিগবৈত আবকাৰী অভিযান, বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

পেঙেৰীৰ পৰা সীমান্ত চেতিয়া, প্ৰথম খবৰ: তিনিচুকীয়া জিলাত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী অভিযান৷ বিগত সময়ত আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই সুৰা ব্যৱসায়ীৰ নিদ্ৰা হৰণ কৰি অহাৰ সময়তে আজি ডিগবৈ আৰু মাৰ্ঘেৰিতা আবকাৰী চক্ৰই পুনৰ অভিযান চলাই বৃহৎসংখ্যক অৰুণাচলী সুৰা জব্দ কৰে৷

আবকাৰী বিভাগে আজি বগাপানী বনগাঁও, পানবাৰী বনগাঁও, ৩ নং অম্বিকাপুৰ, পেঙেৰী, বৰডুমচা, বৰমাজান, টকৌপথাৰ আৰু ইয়াৰ কাষৰীয়া বিভিন্ন স্থানত পুৱাই পুৱাই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বহুকেইটা চুলাই মদৰ ঘাটি আৰু ভাটী ধ্বংস কৰে৷ আজিৰ অভিযানত অভিযানৰ সময়ত ৫২ লিটাৰ চুলাই মদ, ২০০ লিটাৰ গেলা পাছ, ২ টা চুলাই মদ বনোৱা সজুলি, ৯০:৭৫ বেৰল পৰিমানৰ দেশীয় সুৰা আৰু ৪৮:৪০ বেৰল পৰিমানৰ বিয়েৰ জব্দ কৰাৰ লগতে ১.৬২ বেৰল পৰিমাণৰ অৰুনাচলী সুৰা আৰু ১.৪৪ বেৰল পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা আৰু ৭:৮০ বেৰল পৰিমাণৰ অৰুনাচলী বিয়েৰ  জব্দ কৰে৷

আনফালে অভিযানৰ সময়ত ১১ জনকৈ চুলাই বেপাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ১০ জন লোকক আবকাৰী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে৷

Related Articles

Leave a Reply

Close