অসম

ডিগবৈত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজন

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: বিগত ২৬ বছৰৰ দৰে এই বছৰো ডিগবৈ বালিজানত পাঁচটা নামঘৰ একত্ৰিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। জন্মোৎসৱৰ লগত সংগতি ৰাখি আগতীয়াকৈ চিত্ৰাংকন , ৰচনা , মাৰথান দৌৰ, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উপৰিও যোৱা কালি বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

যোৱা দুদিন ধৰি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন হোৱাৰ পিছত আজি অন্তিম দিনা পুৱা ভাগত ভাগৱত ভ্ৰমণ হৈ যোৱাৰ পিছত বিয়লি মুকলি সভা আৰু নিশা নিমন্ত্ৰীত শিল্পী দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোগতা সকলে জানিব দিয়ে।

Related Articles

Leave a Reply

Close