অসম

ডিগবৈ প্ৰেছ ক্লাৱত শ্ৰী শ্ৰী দূৰ্গা নাম শ্ৰব্য চিডি কেছেট উন্মোচন

প্ৰথম খবৰ, ডিগবৈ: শাৰদীয় দূৰ্গা পূজা প্ৰাক মূহুত্বত আজি ডিগবৈ প্ৰেছ ক্লাৱত বীণাপাণি প্ৰডাকচনৰ নিবেদনৰ মঞ্জুমণি গোস্বামী প্ৰয়োজনা আৰু পৰিচালনা শ্ৰব্য কেছেট “শ্ৰী শ্ৰী দূৰ্গা নাম” আজি শুভ মুক্তি দিয়ে। সাংবাদিক মনোৰঞ্জন দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক জয়কান্ত গন্ধীয়া , ডিগবৈ মহাবিদ্যালয়ৰ প্ৰবক্তা দীপক গোস্বামী , ডিগবৈ প্ৰেছ ক্লাৱৰ সভাপতি ৰমণি বুঢ়াগোঁহাইকে আদি কৰি বহুলোকৰ উপস্থিতিত শ্ৰব্য কেছেটো উন্মোচন কৰে।

দূৰ্গা পূজা সময়ত শ্ৰব্য কেছেটিয়ে বিশেষ সমাদৰ লাভ কৰিব বুলি সচেতন মহলে মতপোষণ কৰে। বীণাপাণী প্ৰডাকচনৰ পৰিয়াল বৰ্গৰ হৈ শ্ৰব্য কেছেটটি আঁৰৰ কিছু কথা ব্যক্ত কৰে সৌৰভ গোস্বামীয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close