অসম

ডিগবৈ মহিলা মহাবিদ্যালয়ত ৰাষ্ট্রীয় পৰ্য্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈ মহিলা মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অনুদানেৰে গ্ৰাহৰ্স্হ্য বিজ্ঞান বিভাগৰ উদ্যোগত আৰু ৰে ফাউন্ডেচনৰ সহযোগত ” উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয় স্বকীয় খাদ্য ব্যঞ্জন ” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড: অৰুণ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাৰ্ঘেৰিটা মহকুমাধিপতি বিক্ৰম কৈৰীয়ে বন্তি প্ৰজ্জলনেৰে আলোচনা চক্ৰখনি শুভাৰম্ভ কৰে। গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা তথা উদযাপন সমিতিৰ সমন্বয়ক ড: সঞ্চিতা চেতিয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট পদাৰ্থ বিজ্ঞানী ডঃ গৌৰাঙ্গধৰ বৰুৱাই উদ্বোধনী ভাষণ আগবঢ়াই ।

আলোচনা চক্ৰত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড: ৰুমামণি ভট্টাচাৰ্য, ড: মৃদুলা বৰুৱা আৰু ড: বিনিতা বৈশ্য কলিতাই। উত্তৰ পূৰ্বাঞ্চলত উৎপাদন হোৱা বিভিন্ন জনগোষ্ঠীয় খাদ্য, ফলমূল, শাক পাচলিৰ খাদ্য আৰু পুষ্টিৰ ওপৰত ১২০ জন অংশ গ্ৰহণকাৰীয়ে আলোকপাত কৰে।

Related Articles

Leave a Reply

Close