অসম

ডিমৌত জন অৰণ্যৰ মাজত দুষ্পাপ্য প্ৰজাতিৰ টুপিমূৰীয়া বান্দৰ

ডিমৌৰ পৰা গৌতম হীৰা, প্ৰথম খবৰ: অসমত একপ্ৰকাৰ দুষ্প্ৰাপ্য হৈ পৰা টুপিমূৰীয়া বান্দৰ ঘন অৰণ্যৰ পৰা ওলাই আহিল জনঅৰণ্যত। উল্লেখ্য যে, সোণোৱালী ৰঙেৰে জিকমিকাই থকা দুৰ্লভ প্ৰজাতিৰ বান্দৰ চাবলৈ বিশ্বজুৰি চিৰিয়াখানাবোৰত উৎসুক হৈ পৰে সকলো।

কিন্তু, চিৰিয়াখানা অথবা অভয়াৰণ্য বাদেই অসমৰ এখন গাঁৱত মুক্ত বিচৰণ কৰি ফুৰিছে এটা অতি দুৰ্লভ টুপিমূৰীয়া বান্দৰটোৱে। এটা পষেকৰ পৰা ডিমৌৰ ১ নং বেজপথাৰ গাঁৱত হঠাতে আৰ্বিভাৱ হোৱা ৰামভক্তক চাবলৈ বৃহস্পতিবাৰে পুৱাও সোঁত বয় উৎসুক লোকৰ।

কৌতুহলী শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে টুপীমূৰীয়া বান্দৰ চাই অভিভূত হৈ পৰিছে। সাইলাখ হনুমানৰ দৰে টুপিমূৰীয়া বান্দৰটোৱে গাঁওখনৰ বাসিন্দাসকলৰ বাৰীৰ এজোপা গছৰ পৰা আনজোপা গছলৈ জপিয়াই জপিয়াই সকলোৰে মন পুলকিত কৰি তোলে । গাঁওবাসীয়ে বান্দৰটোক নিয়মিত কল আৰু অন্যান্য ফল-মূল যোগান ধৰি আহিছে বুলি জানিবলৈ দিয়ে।

বান্দৰটোৱে মানুহৰ বিশেষ অসুবিধা কৰা নাই যদিও অমিতাকে ধৰি অন্যান্য ফল-মূল খাই তহিলং কৰে। ইফালে, বন বিভাগক খবৰ দিয়াৰ পাছতো এতিয়ালৈকে দুষ্প্ৰাপ্য প্ৰজাতিৰ টুপিমূৰীয়া বান্দৰটোক জনঅৰণ্যৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related Articles

Leave a Reply

Close