অসম

ডিমৌত ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত আৰম্ভ আন্ত:গাঁও পঞ্চায়ত ফুটবল খেল, ৩-০ গলত গোঁহাইপুখুৰী পঞ্চায়তৰ জয়

প্ৰথম খবৰ, ডিমৌ: খেলাধুলাই মানুহৰ মন প্ৰফুল্লিত কৰি তোলে। আৰু তাৰেই এক প্ৰয়াস হিচাপে শুক্ৰবাৰে ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত থাওৰা সমষ্টিৰ অন্তৰ্গত ২০ খন পঞ্চায়তৰ মাজত হোৱা আন্তঃগাঁও পঞ্চায়ত ফুটবল খেলৰ আৰম্ভ কৰা হয় । প্ৰথমটো দিনাৰ ফুটবল খেলখন অনুষ্ঠিত হয় পানীদিহিং পঞ্চায়ত আৰু গোহাঁই পুখুৰী পঞ্চায়তৰ মাজত।

এই ফুটবল খেলখনি থাওৰাৰ বিধায়ক কুশল দুৱৰী,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিৱসাগৰ জিলা উপাযুক্ত নাৰায়ণ কোৱঁৰ, আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি ভবেন্দ্ৰ নাথ মহন উপস্থিত থাকি শুভাৰম্ভণী কৰে। এই খেলখনিৰ উদ্যোক্তা সকলে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি জানিবলৈ দিছে। বিধায়ক কুশল দুৱৰীৰ বিশেষ উদ্যোগত অনুষ্ঠিত এই ফুটবল খেলখনিৰ যোগেদি অনাগত সময়ত এনেধৰণৰ খেলসমূহৰ প্ৰতি প্ৰতিভাৱান খেলুৱৈ সকলক উৎসাহিত কৰিবলৈ বিচৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

প্ৰথম দিনাৰ প্ৰথমখন আকৰ্ষণীয় খেলত গোঁহাইপুখুৰী পঞ্চায়তৰ হৈ অজয় ভূমিজে প্ৰথমটো, প্ৰবাল বৰগোঁহাইয়ে দ্বিতীয়টো আৰু মুকুতা তাছাই তৃতীয়টো গল দিয়ে আৰু ৩-০ ব্যৱধানত গোঁহাইপুখুৰীৰ হাতত পৰাস্ত হয় পানীদিহিং পঞ্চায়ত। এইধৰণৰ খেলসমূহে ক্ৰীড়াপ্ৰেমী তথা খেলুৱৈসকলক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ।

Related Articles

Leave a Reply

Close