অসমশীৰ্ষ

ডিমৌ ৰাজপথত টায়াৰ জ্বলায় প্ৰতিবাদ, অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী

ডিমৌৰ পৰা গৌতম হীৰা, প্ৰথম খবৰ: বুধবাৰে কৃষক নেতা অখিল গগৈক গোলাঘাটৰ নিজা বাসগৃহৰ পৰা ডিব্ৰুগড জিলাৰ মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি কৃষক অধিকাৰ সংগ্ৰাম সমিতিৰ ডিমৌ আঞ্চলিকে ডিমৌ চাৰিআলিত ৰাজপথৰ ওপৰত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। বিয়লি প্ৰায় ১ বজাত কৃষক মুক্তিৰ অৰ্ধ-শতাধিক কৰ্মীয়ে হঠাতে আহি ৰাজপথত বহি প্ৰতিবাদমুখৰ হৈ পৰে।

বিনাচৰ্তে অখিল গগৈক মুক্তি দিয়াৰ দাবীৰ লগতে আৰ এচ এচ, বি জে পি, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে। কৃষক নেতা ৰ্ধমেন্দ্ৰ বৰাই অসম চৰকাৰক ধিক্কাৰ দি প্ৰশ্ন কৰে এইখন অসমত আৰ এচ এচে অস্ত্ৰ প্ৰশিক্ষণ দিলে কোনো গোচৰ নহয়, কিন্তু কৃষক নেতাই হেংদাং লম বুলি ক’লেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱাটো কিমান যুক্তিসংগত ?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close