অসম

ডুমডুমীয়াত এডৰা কৃষি ভূমিত প্ৰৱেশত বাধা গৃহস্থক, আৰক্ষীৰ বিৰুদ্ধে ঊৰ্দ্ধতম কৰ্তৃপক্ষক অভিযোগ 

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী অন্তৰ্গত এক নং লাঙ্গীয়া কিছামতৰ এডোখৰ খেতি মাটিত আৰক্ষীয়ে বৈষম্যমুলক ভাবে বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে,গাওঁখনৰ পথাৰত থকা প্ৰায় তিনি বিঘা পৰিমাণৰ ৰায়তী পট্টাৰ কৃষি ভূমিত এটা পৰিয়ালে ১৯৭১ চনৰে পৰা ভোক-দখল শস্য উৎপাদন কৰি আহিছে। কিন্তু হঠাৎ যোৱা ২১ ছেপ্টেম্বৰৰ পুৱা ডুমডুমীয়া আৰক্ষীৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ এই মাটি ডৰাত খেতি-বাতি কৰিব নোৱাৰিব বুলি বাধা প্ৰদান কৰে।

মাটিৰ গৰাকীয়ে আৰক্ষীৰ দলটোক এই সন্দৰ্ভত কিবা কেছ-মুকৰ্দমা আছে নেকি বুলি প্ৰশ্ন সোধাত তেওঁলোকে অশ্লীল ভাষাৰে গালি গালাজ পৰাৰ লগতে বিভিন্ন ধৰণে ভয়-ভাবুকি প্ৰদান কৰে। আনকি এই ক্ষেত্ৰত আৰক্ষী চকীখনৰ এগৰাকী উপ-পৰিদৰ্শকে ওপৰৱালা এগৰাকী আৰক্ষী বিষয়াৰ নিৰ্দেশ আছে বুলিও মন্তব্য কৰি এইদৰে অকৰ্তত্বহীন ভাবে বাধা প্ৰদান কৰা ঘটনাত বিমূৰত পৰিছে পৰিয়ালটো। যাৰ বাবে ন্যায় বিচাৰি জিলা আৰক্ষী অধীক্ষক কাষ চাপিছে অসহায় পৰিয়ালটো।

ইতিমধ্যে পৰিয়ালটোৰ এগৰাকী সদস্য ইদ্ৰিছ আলীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত সংশ্লিষ্ট আৰক্ষী উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকক এক লিখিত অভিযোগ দাখিল কৰিছে। এতিয়া আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।

 

Related Articles

Leave a Reply

Close