অসম

ঢকুৱাখনাৰ বিভিন্ন স্থানত সুধাকণ্ঠক স্মৰণ

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে ঢকুৱাখনাতো বিভিন্ন ঠাইত সংগীত সূৰ্য্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিনটো বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে ৰাইজে উদযাপন কৰে। ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই ম’হঘুলি চাপৰিৰ সমীপৰ ছহিদ ভৱনত বিয়লি ৪ বজাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডঃ ভূপেন হাজৰিকাদেৱৰ ওপজা দিনৰ সশ্ৰদ্ধ সোঁৱৰণ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে।

ইফালে ড. ভূপেন হাজৰিকাৰ ৯১ তম জন্ম জয়ন্তী অনুষ্ঠানটো ঢকুৱাখনা মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ঢকুৱাখনা নগৰৰ মাজমজিয়াৰ গান্ধী মৈদানত অনুষ্ঠিত কৰে।

উল্লেখ যে, সোৱণশিৰি কৈৱত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪ টা শ্ৰেণীৰ পিছত গীতে কবিতাৰে ড. ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ কৰে ওপজা দিনৰ। ড. ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনৰ পিছত কবিতা আবৃত্তি আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলক বিদ্যালয়ৰ তৰফৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close