অসম

ঢকুৱাখনা মহাবিদ্যালয় প্ৰাংগনত “ঐতিহ্য সজাগতা অনুষ্ঠান” উদযাপন

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা অহা ২৩ চেপ্তেম্বৰ ২০১৭ তাৰিখৰ দিনা ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগত ঢকুৱাখনা মহাবিদ্যালয় প্ৰাংগনত “ঐতিহ্য সজাগতা অনুষ্ঠান”ৰ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আয়োজন কৰিছে। উক্ত অনুষ্ঠানত অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে লগতে মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত ভি. বি. প্যাৰেলাল (ভাঃপ্ৰঃসেঃ) সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানত আৰু কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে বক্তব্য ৰাখিব বুলি আয়োজক সমিতিয়ে আমাৰ “প্ৰথম খবৰ” জানিবলৈ দিয়ে। এই “ঐতিহ্য সজাগতা অনুষ্ঠান”ত ঢকুৱাখনা সকলো স্তৰৰ ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close