Home / অসম / তিতাবৰত অটল অমৃত আঁচনি ৰূপায়ণৰ কাম অব্যাহত, লক্ষ্যঃ ১ অক্টোবৰ

তিতাবৰত অটল অমৃত আঁচনি ৰূপায়ণৰ কাম অব্যাহত, লক্ষ্যঃ ১ অক্টোবৰ

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্য চৰকাৰে ৰূপায়ন কৰা দৰিদ্ৰ জনতাৰ বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি অটল অমৃত যোজনাৰ স্মাৰ্ট কাৰ্ডৰ কাম কাজ অধিক তৰাম্বিত কৰি তোলা হৈছে তিতাবৰত। আঁচনি খনৰ জৰিয়তে কেইবাটাও জটিল ৰোগৰ চিকিৎসাৰ বাবে দুই লাখ টকা পৰ্যন্ত ৰেহাই পাব ৰোগী সকলে।

ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিজন লোককে সাঙুৰি লব লগা আঁচনিখনৰ স্মাৰ্ট কার্ড সমূহ অহা ১অক্টোবৰৰ ভিতৰত বিতৰণ কৰি সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে সংশ্লিষ্ট বিভাগটোৱে। কিয়নো অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে আঁচনি খনৰ স্মাৰ্ট কাৰ্ড শুভাৰম্ভ কৰিব চৰকাৰ খনে। ইয়াকে লৈ যথেষ্ট আশাবাদী হৈ পৰিছে হিতাধিকাৰী সকলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

*