অসমশীৰ্ষ

তিতাবৰত বন্যহস্তীৰ সন্ত্ৰাস, খৰিকটিয়া গ্ৰাণ্টত কেইবাটাও বাসগৃহ লণ্ড-ভণ্ড

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: তিতাবৰত নিশা বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস।
খৰিকটিয়া গ্ৰাণ্টত ভাঙি লণ্ড-ভণ্ড কৰিছে কেইবাটাও বাসগৃহ। অঞ্চলটোত প্ৰৱেশ কৰিছে ৩০-৪০ জনীয়া হাতীৰ বৃহৎ দলে। আতংকিত হৈ পৰিছে অঞ্চলবাসী।

পূৰ্বতেও অঞ্চলটোত চলি আহিছে বন্যহস্তীৰ সন্ত্ৰাস। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ বৃহৎ জাকটোৱে নষ্ট কৰিছে বিস্তৰ পৰিমাণৰ কৃষিভূমিও। যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ জনতা। ইফালে বৰ্তমানেও অঞ্চলটোতে আশ্ৰয় গ্ৰহণ কৰি আছে হাতীৰ বৃহৎ জাকটো।

Related Articles

Leave a Reply

Close