অসম

তিনিটাকৈ বানৰ পিছত এইবাৰ লাহৰীঘাটত খহনীয়াৰ তাণ্ডৱ জাহ গল প্ৰাথমিক বিদ্যালয়সহ তিনি শতাধিক পৰিয়ালৰ বাসগৃহ

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: তিনিটাকৈ বানে তাণ্ডৱ চলোৱাৰ পিছত এইবাৰ মৰিগাঁৱৰ লাহৰীঘাটত ভূতৰ ওপৰত দানৱৰ দৰে তাণ্ডৱ চলাবলৈ আৰম্ভ কৰিছে খহনীয়াই। ইতিমধ্যে ব্ৰহ্মপুত্ৰ খহনীয়াত জাহ গৈছে মিকিৰগাঁৱৰ তিনি শতাধিক পৰিয়ালৰ বাসগৃহ। খহনীয়াই কালৰূপ ধাৰণ কৰাৰ নৈ পৰীয়া সকলে নিজৰ সপোনৰ ঘৰটো ভাঙি লৈ যোৱাত নিৰাপদ স্থানলৈ যাবলৈ সময়েই পোৱা নাই।

ইপিনে মিকিৰগাঁও প্ৰাথমিক বিদ্যালয়টো খহনীয়াত জাহ যোৱাত অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক কণ কণ মইনা হঁতৰ ভৱিষ্যত অনিশ্চিত দিশে। তিনিটা বানে সমস্ত তচনচ কৰি থৈ যোৱাৰ পিছত এইবাৰ খহনীয়াত এনে তাণ্ডৱত দিশশাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। ইমান দিনৰ পিছতো দুৰ্ভগীয়া ৰাইজৰ এটা খবৰ লবলৈ আহৰি নাই ৰাজ্য চৰকাৰ তথা বিয়াগোম জল সম্পদ বিভাগৰ। বিভাগটোৰ এনে নিলিপ্ততা আৰু কাণ্ডজ্ঞানহীনতাৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’বলৈ ধৰিছে এখনৰ পিছত এখনকৈ ৰাজহ গাঁও। এতিয়া লাহৰীঘাট বাসীৰ প্ৰশ্ন, পৰিৱৰ্তনকামী চৰকাৰে অতিশীঘ্ৰে কিবা ব্যৱস্থা ল’বনে? নে কথাৰে ফুলজাৰী পাৰ কৰিব সময়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close