অসম

দিখৌমুখ মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱকৰ স্বচ্ছতা পষেক অভিযান অব্যাহত

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়া, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুযায়ী শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুস্থান দিখৌমুখ মহাবিদ্যালয়ে স্বচ্ছতা পষেক অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানৰ অংশ হিচাবেই মহাবিদ্যালয় খনৰ এন এছ এছৰ তত্বাৱধায়ক তথা মহাবিদ্যালয় খনৰ সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এন এছ এছৰ প্ৰায় দহ গৰাকী স্বেচ্ছাসেৱকে দিখৌমুখ সাপ্তাহিক বজাৰত হাতত স্বচ্ছতা সজাগতাৰ শ্ল’গান সন্নিবিষ্ট প্লেকাৰ্ড আৰু বেনাৰ লৈ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে৷

উল্লেখ্য যে, যোৱা ১ চেপ্তম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযান অহা নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি ১৫ ছেপ্তেম্বৰলৈ অব্যাহত থাকিব৷ মহাবিদ্যালয়খনৰ প্ৰাংগনৰ পৰা আৰম্ভ কৰা এই অভিযান বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, স্বাস্থ্য কেন্দ্ৰ, হাট-বজাৰ আদিত নিৰ্দ্ধাৰিত পষেকটোৰ প্ৰতিটো দিনতে অভিযানকাৰী দলটোৱে ৰূপায়ন কৰিব বুলি তত্বাৱধায়ক দিলীপ শইকীয়াই জনাইছে৷

 

Related Articles

Leave a Reply

Close