অসম

দুলীয়াজানত মাটিৰ জালিয়াতিৰে ৰঙাঘৰৰ আলহী হ’ল সংগঠনৰ নেতা

প্ৰথম খবৰ, দুলীয়াজান: এইবাৰ মাটি জালিয়াতিৰ গোচৰত অভিযুক্ত হ’ল সংগঠনৰ এজন বিষয়ববীয়া। মাটিৰ জালিয়াতিৰে ৰঙাঘৰৰ আলহী হ’বলগা হোৱা নেতাজন নাওহলীয়া আৰক্ষী চকীৰ অন্তৰ্গত ১নং বৰপথাৰ প্ৰয়াত মীৰা খান ওৰফে চফিক খানৰ পুত্ৰ দুলু খান ওৰফে চাজিদ খান।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে এইজন সংগঠনৰ নেতা দুলু খানে ২০০৪ চনত একে অঞ্চলৰে মহেশ মাঝি আৰু প্ৰয়াত অজিত মাঝিৰ নামজাৰী বৰপথাৰস্হিত টিপলিং মৌজাৰ দাগ নং ৩৪০ / পটা নং ১৫১ / মাটিৰ পৰা মুঠ এবিঘা মাটি ভীমকান্ত বৰুৱাৰ পুত্ৰ ৰাণা বৰুৱাৰ নামৰ এটা কাল্পনিক চৰিত্ৰৰ নামত কৌশলেৰে হস্তান্তৰ কৰে। প্ৰয়াত অজিত মাঝিৰ ককায়েক ৯৭ চনতে মৃত ৰঘু মাঝিৰ নামত ৬০ হাজাৰ টকা অহা বুলি কৈ অভিযুক্ত দুলুৱে ডিব্ৰুগড় ডি চি কাৰ্যালয়লৈ পৰিয়ালটোক মতাই মাটিৰ নথি পত্ৰ সমূহত স্বাক্ষৰ কৰাই লয় অতি কৌশলেৰে।

ঘটনাৰ ক্ৰমে ২০০৭ চনত ডিব্ৰুগড়ৰ ১নং মুন্সিফ আদালতে উক্ত মাটিখিনি ৰাণা বৰুৱাই পাব লাগে বুলি জাজমেন্ট অৰ্ডাৰ দিয়ে। তাৰ পাছতহে মাঝিৰ পৰিয়ালে দুলুৰ জালিয়াতিৰ কথা ধৰা পেলাই। মাঝিৰ পৰিয়ালেও মাটিখিনি কোনোপধ্যেই এৰি দিবলৈ নিবিচৰাত দুলুৱে আদালতৰ
সহায় লৈ পৰিয়ালটোলৈ চমন পঠিয়াই থাকে।

এইদৰেই প্ৰায় ১০ টা বছৰ তেওঁলোকে মানসিক নিৰ্য্যাতন ভুগি অৱশেষত নাওহলীয়াৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক উত্তম অধিকাৰীৰ কাষ চাপে। উপ পৰিদৰ্শক গৰাকীয়ে সমগ্র বিষয়টো ক্ষীপ্ৰতাৰে তদন্ত কৰি অভিযুক্ত দুলু খানক আজি আটক কৰে। সেই অনুসৰি দুলীয়াজান আৰক্ষী থানাত ৩০৯/১৭ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( বি) / ৪২০ / ৩৪ ধাৰাৰ অধীনত ৰুজু কৰা গোচৰৰ ভিত্তিত অভিযুক্ত সংগঠনৰ নেতা দুলু খানক আজি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close