অসম

দুৰ্গাপূজা শুভেচ্ছা ব্ৰাহ্মণ যুৱ পৰিষদৰ

গৌৰীসাগৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: অসমবাসীলৈ দুৰ্গা পূজাৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি দেৱাশিষ ভৰদ্বাজে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে এই দুৰ্গোৎসৱে অসমবাসী মাজত শান্তি সম্প্ৰত্তি অাৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাৰ লগতে সকলো মাজত একতা মাজেৰে দেশ তথা অসমখন অাগুৱাই নিব বুলি অাশাবাদী।

অানহাতে অসম সাংস্কৃতিক মহাসভাও দুৰ্গা পূজা শুভকামনা জনাইছে। অসম সাংস্কৃতিক মহাসভাৰ প্ৰচাৰ সম্পাদক প্ৰান্তিক শৰ্মাই সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ অাগন্তক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close