অসম

দেওমৰনৈ লোজোৰাত অৱসৰী কৃৰ্তি শিক্ষকৰ পৰলোকপ্ৰাপ্তি

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ দেওমৰনৈ লোজোৰাৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নৰেশ্বৰ ডেকাৰ মৃত্যু। ৮৭ বছৰ বয়সত মৃত্যু হয় শিক্ষক গৰাকীৰ।তেখেতে ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা কৰ্মজীৱন আৰম্ভ কৰি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেখেত শিক্ষকতাৰ উপৰিও দৰং জিলাৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ সৈতে জড়িত হৈ আছিল। তেখেতৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে।

পত্নী সহিতে তেও তিনি গৰাকী জী, দুগৰাকী পুত্ৰ অাৰু নাতি নাতিনীৰ লগতে আত্মীয় কুটুম্বক এৰি থৈ যায়। শিক্ষকগৰাকীৰ মৃত্যুত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শোক প্ৰকাশ কৰে। শোক সন্তপ্ত পৰিয়াল বৰ্গক অঞ্চলটোৰ বিভিন্ন দল সংগঠনে সমবেদনা জনোৱাৰ লগতে তেখেতক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close