Home / অসম / দেওমৰনৈ সমলাত জন্মাষ্টমীৰ সুযোগ গ্রহণ কৰি চোৰে নিলে লক্ষাধিক সোণৰ আ-অলংকাৰ

দেওমৰনৈ সমলাত জন্মাষ্টমীৰ সুযোগ গ্রহণ কৰি চোৰে নিলে লক্ষাধিক সোণৰ আ-অলংকাৰ

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ দেওমৰনৈ সমলাৰ লক্ষীকান্ত বৈশ্যৰ ঘৰত চোৰে লুটি নিলে লাখ টকাৰ সম্পত্তি।যোৱা নিশা জন্মাষ্টমী উপলক্ষে ৰাজহুৱা নামঘৰত গৃহষ্ট উপস্থিত থকাৰ সুযোগ গ্রহণ কৰি প্ৰায় দুই আঢ়ৈ লাখ টকাৰ অধিক মুল্যবান সা-সম্পদ তথা সোনৰ আ-অলংকাৰ চুৰ কৰি লৈ যায়।

ইতিমধ্যে ঘটনা সম্পকত মঙ্গলদৈ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাৰ পিছতে ৰাতিয়েই আৰক্ষী আহি লক্ষীকান্ত বৈশ্যৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। সেই অঞ্চলটোত সঘনাই চুৰি ডকাইতি কাণ্ড সংঘটিত হৈ আছিল যদিও আজি কিছুদিন এনে ঘটনা সংঘটিত হোৱা নাছিল যদিও আকৌ এয়া আৰম্ভ হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। আৰক্ষীক এটা উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*