অসম

দৰঙত জুবিন গাৰ্গৰ ‘মিছন চাইনাৰ’ প্ৰচাৰৰ বিশাল ৰেলী

দেওমৰনৈ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: আজি দৰঙৰ ছিপাঝাৰ জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত ‘ জনপ্ৰিয়তাৰ শীৰ্ষত যোৱা তথা অসমীয়া বোলছবি লৈ আশাৰ বতৰা কঢ়িয়াই অনা ‘মিছন চাইনা ‘ ৰ বিশাল প্ৰচাৰ চলাই। দৰং, জিলাৰ বিভিন্ন স্থানৰ পৰা অহা সহস্ৰাধিক যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীৰ এক বিশাল সমদল উলিয়াই। য’ত শ্লোগান মাথো জুবিন গাৰ্গ জয় হওঁক, মিছন ছাইনাৰ জয়, দৌৰ দৌৰি যাম মিচন ছাইনা চাম ‘ আদি।
এই সমদলে দৰঙৰ ছিপাঝাৰ, মংগলদৈ আদি অঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ মন জয় কৰা পৰিলক্ষিত হয় ।
জুবিন গাৰ্গৰ পদক্ষেপ তথা বোলছবি খনৰ ইতিবাচক দিশ সন্দৰ্ভত আজি দৰঙৰ জনসাধাৰণে ব্যক্ত কৰে বৰ্তমান তেওঁৰ যিখন অসমীয়া বোলছবি ‘মিছন চাইনা ‘ এখন নিশ্চিতভাৱে আদৰ্শ মূলক তথা জনপ্ৰিয় বোলছবি হ’ব। কিয়নো বিভিন্ন ছবি ঘৰত ইতিমধ্যে প্ৰৱেশ পত্ৰ শেষ হৈছে। য’ত নেকি দিল্লীৰ ছবি ঘৰতো প্ৰৱেশ পত্ৰ শেষ হোৱা বুলি জনা গৈছে লগতে মংগলদৈৰ চিনেমা হলত ৫ দিনৰ টিকট শেষ হৈছে। এয়া অসমীয়া বোলছবিৰ ক্ষেত্ৰত শুভ লক্ষণ বুলি বিবেচিত হৈছে। জুবিনৰ মিছন চাইনাক দৰঙীয়া ৰাইজে আদৰি লোৱা পৰিলক্ষিত হৈছে ।  দেওমৰনৈ, দৰং ।

Related Articles

Leave a Reply

Close