অসম

দৰঙত শ্বহীদ কনকলতা দিৱস পালন

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰঃ আজি দৰং জিলাৰ মংগলদৈ মুল চাৰিআলি পুলিচ পইণ্টত অল ইণ্ডিয়া ডি ৱাই অ’, অল ইণ্ডিয়া ডি এছ অ’আৰু কমচোমলৰ দৰং জিলা ইউনিটৰ উদ্যোগত স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাঙ্গনা কনকলতাৰ আত্মবলিদান দিৱস পালন কৰে। ৰাতিপুৱা ৯ বজাত শ্বহীদ কনকলতাৰ প্ৰতিকৃতিত মাল্যাপৰ্ণৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে শ্বহীদ কনকলতাৰ জীৱন সংগ্ৰামৰ ওপৰত আলোচনা অনুষ্ঠিত হয়।

সকলো কৰ্মকৰ্তাই শ্বহীদ কনকলতাৰ স্মাৰক বেজ পৰিধান কৰে। দৰং জিলাত আজি যথাযোগ্য মৰ্যদাৰে স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাঙ্গনা কনকলতাৰ আত্মবলিদান দিৱস পালন কৰি শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close