অসমশীৰ্ষ

নগাঁৱত গ্ৰেপ্তাৰ হোৱা দুই অস্ত্ৰ ব্যৱহায়ীক দুদিনৰ আৰক্ষীৰ জিম্মাত

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও আৰক্ষীয়ে কালি সন্ধ্যা গ্ৰেপ্তাৰ কৰা দুই অস্ত্ৰ ব্যৱসায়ীক আৰক্ষীয়ে দুদিনৰ জিম্মাত লৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যৱহায়ী দুজন হ’ল নগাঁও চহৰৰ চকীটুপ অঞ্চলৰ দীপাংকৰ সাহা আৰু মনিৰ উদ্দিন।

এক গোপন খবৰ ভিত্তিত কালি সন্ধ্যা আৰক্ষীয়ে এই দুই অস্ত্ৰ ব্যৱসায়ীক উৰিয়াগাৱৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ পৰা আৰক্ষীয়ে ৩২ পিষ্টল ৬ জাঁই গুলি জব্দ কৰাৰ লগতে এখন গাড়ীও জব্দ কৰিছিল। আজি আৰক্ষীয়ে দুয়োকে নগাঁও আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁ লোকক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

আৰক্ষীয়ে দুয়োকে সম্পতি জেৰা অব্যাহত ৰাখিছে। অাৰক্ষী সুত্ৰে জানিব পৰা মতে ধৃত অস্ত্ৰ ব্যৱসায়ী দুজনে দীৰ্ঘদিনৰ পৰা অবৈধ অস্ত্ৰ ব্যৱহায়ৰ লগতে অবৈধ ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত আছিল।

 

Related Articles

Leave a Reply

Close