অসমশীৰ্ষ

নগাঁৱত নকল নোট সহ দুই ব্যৱসায়ী গ্ৰেপ্তাৰ

প্ৰথম খবৰ, নগাঁও: নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আজি নকল নোট সহ দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যৱসায়ী দুজন হ’ল নগাঁও চহৰৰ চকীটুপ অঞ্চলৰ ওমৰ শ্বাহ আৰু পল্টু বৰ্মন।

নগাঁও আৰক্ষী সুত্ৰই জনোৱা মতে, এই দুজন নকল নোটৰ ব্যৱসায়ীয়ে একেটা অঞ্চলৰ ৰবি বৰ্মন আৰু শৰ্মিলা বৰ্মনক ১৪০০ টকা নকল নোট দিছিল। এই দুজন লোকৰ চিকাৰোক্তিৰ ভিত্তিতেই আজি নগাঁও চহৰৰ চকীটুপৰ পৰা ওমৰ আৰু পল্টুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি দুয়োকে অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা কৰি আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close