অসম

নগাঁৱৰ চমুৱাগাঁৱত সোণাইপৰীয়া কাব্যধ্বনী অনুষ্ঠান

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ কবি সন্মিলনৰ অন্তর্গত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উদ্যোগত অস্থায়ী কাৰ্যালয় উদ্বোধন আৰু সোণাইপৰীয়া কাব্যধ্বনী অনুষ্ঠান। অনুষ্ঠানটি পতাকা উত্তোলনে শুভাৰাম্ভ কৰে সুশীল বৰাই। অনুষ্ঠানত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰাৰ পাছতে এখনি ক্ষুদ্র গ্রন্থমেলা আৰু চিত্ৰশিল্প প্রদর্শনী ও উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্রাক্তন প্রধান সম্পাদক সদৌ অসম কবি সন্মিলন পৰাগজ্যোতি মহন্ত। কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক পার্থপ্রতিম শইকীয়া। কেন্দ্রীয় কাৰ্যনিবাহক অনুলেখা বৰদলৈ অাৰু চন্দন গোস্বামী। নগাঁও জিলাৰ কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতি আৰু লগতে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী ৰঞ্জন বেজবৰুৱা। এটি বৰগীত পৰিৱেশনৰ পিছতে বহুসংখ্যকলোকে কবিতা পাঠ কৰে। সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি দীপজ্যোতি বৰা, সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী আৰু পত্রিকা সম্পাদক ৰাহুলদেৱ বৰদলৈৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত প্রায় শতাধিক ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close