অসম

নগৰবেৰাৰ-গাগলমাৰীৰ বিধ্বস্ত পথ পুনৰ নিৰ্মাণৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বিধ্বস্ত যাতায়াত ব্যৱস্থাত জ্বলাকলাত ভোগাইছে কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ গাগলমাৰী অঞ্চলৰ ৰাইজক। বিগত প্ৰায় পাঁচ বছৰ পূৰ্বে কোনোবা অজ্ঞাত ঠিকাদাৰে গাগলমাৰীৰ পৰা নগৰবেৰা লৈ যোৱা এক মাত্ৰ পথটোৰ উন্নয়নৰ কাম আৰম্ভ কৰিছিল যদিও পথটোৰ ওপৰত নাম মাত্ৰ শিল-বালি পেলাই সিংহ ভাগ টকা ওভোতগোঢ়ে হজম কৰি ঠিকাদাৰ জনে পলাই পত্ৰং মৰাত অঞ্চলটো ৰাইজ, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী লগতে ৰোগীয়ে অহা-যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে।

পথটো এনে বিধ্বস্ত হোৱাৰ বাবে নাহে ৰোগী কঢ়িয়াবলৈ ১০৮। কেই মাহ মান পূৰ্বে এই পথটোত এগৰাকী শিক্ষকে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল। আজি গাঁওখনৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই পথটোত উপস্থিত হৈ অসম চৰকাৰ হায় হায়, দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ মুৰ্দাবাদ, আমাৰ পথ পুনৰ নিৰ্মাণ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close