অসম

নগৰবেৰাৰ টুপামাৰীত তীৰ খেল-ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক আটক

প্ৰথম খবৰ, নগৰবেৰা: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত কালি আৰক্ষীয়ে তীৰ খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়। জিলাখনৰ উল্লেখিত সমষ্টিৰ এলেকাধীন নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত টুপামাৰী বজাৰত দীৰ্ঘ দিন ধৰি তীৰ, জোৱা খেল আৰু ড্ৰাগচৰ ৰমৰমীয়া বেহা চলি আহিছে।

এই সন্দৰ্ভত কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তক কামৰূপ জিলা ‘আমছু’য়ে এক লিখিত অভিযোগ দিয়াত উপায়ুক্ত গৰাকীৰ নিৰ্দেশ মৰ্মে ডিএছপি কল্যান পাঠকৰ নেতৃত্বত নগৰবেৰা আৰক্ষী থানাৰ আৰক্ষী আৰু টুপামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলায় বজাৰ খনৰ পৰা তীৰ ব্যৱসায়ী ৰমিজ উদ্দিনক আটক কৰে।

উল্লেখ্য যে, টুপামাৰী অঞ্চলত দীৰ্ঘ দিনৰ পৰা চলি অহা বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থকাৰ পিছতো স্থানীয় আৰক্ষী-প্ৰশাসনে ৰহস্য জনক ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উত্থাপিত হৈছে। পূৰ্বেও এই সন্দৰ্ভত ৰঙা ঘৰৰ আলহী হোৱা তীৰ ব্যৱসায়ী ৰমেজ উদ্দিক ওৰেটো নিশা নগৰবেৰা আৰক্ষী থানাৰ লকআপত ৰাখি আজি ব্যৱসায়ী জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close