অসম

নট-নৃট্যম ২০১৭ ৰ বঁটা বিতৰণ, নিম্ন শাখাৰ শ্ৰেষ্ঠ জাঁজীৰ ৰ’জী শইকীয়া

প্ৰথম খবৰ, জাঁজী: অসমৰ সত্ৰীয়া সংস্কৃতিৰ জগতখনৰ পৰিচিত অনুষ্ঠান “সৎকাৰা”ৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত তথা ডালমিয়া ভাৰত চিমেণ্ট, দুগদুগী, আহাৰ্যৰ সহায়ত নৃত্যৰত্ন প্ৰয়াত ড° জগন্নাথ মহন্ত দেৱৰ সোঁৱৰণত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক সদৌ অসম সত্ৰীয়া নৃত্য প্ৰতিযোগিতা “নট-নৃত্যম্‌ ২০১৭”ৰ বঁটা বিতৰণী আৰু সামৰণী অনুষ্ঠানটি আজি গুৱাহাটীৰ উজান বজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, জকাই সত্ৰৰ সত্ৰাধিকাৰ তথা সৎকাৰাৰ মুখ্য উপদেষ্টা ভদ্ৰকৃষ্ণ গোস্বামী, ICCRৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক প্ৰৱন্ধক শংকৰ প্ৰসাদ কাকতি বৰা, ICCR ৰ আঞ্চলিক বিষয়া প্ৰণামী ভাগৱতীয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। মৃণালিনী বৈশ্যই আঁত ধৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে নম্ৰতা প্ৰিয়মে। ইয়াৰ পাছতে অৰুণাভ জ্যোতি মালাকাৰে খোলবাদন প্ৰদৰ্শন কৰে ৷ “নট-নৃত্যম্‌”ৰ যোৱাবছৰ শ্ৰেষ্ঠ বিবেচিত হোৱা নন্দিনী কাশ্যপৰ নৃত্য পৰিবেশনে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ ইয়াৰ পাছতেই নিৰ্বাচিত প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়৷ মুঠ ২৩০০০.০০ টকাৰ নগদ ধন সম্বলিত এইবাৰৰ প্ৰতিযোগিতাত নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে জাঁজীৰ ৰ’জি শইকীয়াই ৷

নামৰূপৰ অন্বেষা শইকীয়া আৰু গুৱাহাটীৰ প্ৰলাক্ষী বৰদলৈয়ে লাভ কৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান৷ আনহাতে উচ্চ শাখাত দুলীয়াজানৰ ৰিতিস্মিতা ডেকা শ্ৰেষ্ঠ হয়৷ দুলীয়াজানৰে জাহ্নৱী গগৈয়ে দ্বিতীয় আৰু গুৱাহাটীৰ গাৰ্গী বৰদলৈয়ে তৃতীয় স্থান অধিকাৰ কৰে৷ শেষত সৎকাৰাৰ প্ৰতিষ্ঠাতা মীনাক্ষী মেধিয়ে আগবঢ়োৱা শলাগৰ শৰাইৰ পাছতে অনুষ্ঠানৰ সামৰণী পৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close