অসম

ননৈৰ জলাহত হাতুৰীয়ে বৰবৰ প্ৰহাৰ যুৱকক

প্ৰথম খবৰ, ননৈ: নগাঁও জিলাৰ ননৈৰ জলাহত সংঘটিত হৈছে এক লোমহক কাণ্ড। প্ৰাপ্ত তথ্য মতে পশ্চিম জলাহ গাঁৱৰ নিৱাসী ৰুদ্ৰ মুক্তিয়াৰে নগাঁও পৰা নিজ গৃহলৈ আহি থকাৰ অৱস্থাত একেখন গাঁৱৰে নিৱাসী শুক্লেচৰ হাজৰিকা আৰু তেওঁৰ পুত্ৰ মহাত্মা হাজৰিকা, শ্যাম প্ৰকাশ, লৱ আৰু কুশ আতায়ে মিলি হাতুৰীয়ে প্ৰহাৰ কৰে। ঘটনা সংঘটিত হোৱা দেখি স্থানীয় লোকে আৰক্ষীক খবৰটো দিয়ে যদিও আৰক্ষী আহি পোৱাৰ আগতে ঘটনাস্থলীৰ পৰা অভিযুক্ত পলায়ণ কৰে। অতি বেয়াকৈ প্ৰহাৰ কৰাৰ পাছত ৰুদ্ৰ মুক্তিয়াৰ লগে লগে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

বেছিকৈ আঘাত প্ৰাপ্ত হোৱা হেতু বৰ্তমান মৃত্যুৰ সৈতে যুজি আছে ৰুদ্ৰ মুক্তিয়াৰ। বৰ্তমান সমগ্ৰ অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰিছে। আৰু দোষীক অতি সোনকালে কৰায়ত্ত কৰি উচিত শাস্তি দাবী তুলিছে স্থানীয় লোকে।

 

Related Articles

Leave a Reply

Close