অসম

নলবাৰীত বিজেপিৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উদযাপন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰী জিলা বিজেপিৰ উদ্যোগত জিলা কাৰ্যালয় প্ৰাংগনত গেৰুৱা দলটোৰ প্ৰতিষ্ঠাপক তথা পণ্ডিত দীনদয়াল উপাধ্যায় ১০১ তম জনমদিন উদযাপন কৰা হয় । আদিতে মহান নেতা উপাধ্যায়ৰ প্ৰতিকৃতিত মাল্যাৰপন আৰু বন্তি প্ৰজ্বলন কৰি জিলা বিজেপিৰ সভাপতিৰ বনদ্বীপ ডেকাই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱন দৰ্শন, কৰ্মৰাজিৰ ওপৰত বহলাই বক্তব্য ৰাখে । জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকাই আঁত ধৰা অনুষ্ঠানত জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে। শতাধিক দলীয় কৰ্মী উপস্থিত থকা অনুষ্ঠানত বন্দেমাতৰম গীতেৰে আৰম্ভ কৰা হয়।

Related Articles

Leave a Reply

Close