অসম

নলবাৰীৰ অসম একাডেমীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰী চহৰতস্থিত অসম একাডেমী নামৰ শিক্ষানুষ্ঠান খনৰ এক বিশেষ অভিনন্দন অনুষ্ঠান হৈ যায় । অনুষ্ঠানত ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰা শিক্ষানুষ্ঠান খনৰ ছাত্ৰ ৰিপুঞ্জয় শৰ্মাৰ লগতে ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব ৰমেশ চান্দ জৈন মূখ্য অতিথি হিচাপে উপস্থিত থাকে ।

ভাষন প্ৰসংগত শিক্ষা আয়ুক্ত সচিব গৰাকীয়ে কয় যে আমি যিমানেই উচ্চ শিক্ষা লাভ কৰিছো, সিমানে অভিভাৱক, পিতৃ মাতৃৰ সৈতে সম্পৰ্ক কমিছে । গতিকে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লৈ মানুহ হোৱাৰ বাবে আগবাঢ়ক বুলি দোহাৰি তেওঁ পুনৰ কয় যে এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লাগে গুণগত শিক্ষা। যাতে দেশ, জাতি, পিতৃ-মাতৃ, শিক্ষাগুৰুৰ বাবেও চিন্তা কৰিব পাৰে। শিক্ষক হিতেশ বেজবৰুৱা, দিগন্ত বৰ্মনে আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ ৰাকেশ শৰ্মা, ৰাতুল ডেকা, শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ সভাপতি অনুকুল শৰ্মা প্ৰমূখ্যে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close