অসম

নলবাৰীৰ পকোৱাত কিকবস্কিং চেম্পিয়ন শ্বিপৰ উদ্বোধনী অনুষ্ঠানত সম্পন্ন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰীৰ নিজ পকোৱাত নলবাৰী জিলা কিকবস্কিং সন্থাৰ উদোগত আৰু নিজ পকোৱা কিকবস্কিং একাডেমিৰ সৌজন্যত আয়োজিত এইবেলিৰ দ্বীতিয় অসম ভিত্তিত আমন্ত্ৰণী মূলক মুকলি কিকবস্কিং চেম্পিয়ন শ্বিপৰ ২০১৭ আৰু ষষ্ঠ সদৌ অসম আন্তঃবিদ্যালয় কিকবস্কিং প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানত হৈ যায়। উক্ত প্ৰতিযোগিতাতখনি আজি ২৩ আৰু ২৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। আজি পুৱা প্ৰতিযোগিতা উদযাপন সমিতিৰ সভাপতি মজিব আলীয়ে পতাকা উত্তোলন কৰি অনুষ্ঠান আৰম্ভ কৰে। সম্পাদকদ্বয় জয়ন্ত শৰ্মা আৰু ভবেশ কলিতাই আতঁ ধৰা প্ৰতিযোগিতা খনি উদ্বোধন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

উদ্বোধক বৰুৱাই ভাষনত কয় যে খেলে শৰীৰৰ ভালে ৰাখে। আমি সকলোৱে, বিশেষকৈ যুৱপ্ৰজন্মই খেলৰ প্ৰতি মনোযোগ দিব লাগে। এনে এখন খেল অনুষ্ঠিত কৰি নলবাৰী জিলা কিকবস্কিং সন্থা আৰু নিজ পকোৱা কিকবস্কিং একাডেমীয়ে অঞ্চলটোৰ যুৱ শক্তিক এই খেলৰ প্ৰতি আগবঢ়াই নিয়া দেখা গৈছে। এয়া এক আদৰণীয় প্ৰচেষ্টা বুলি দোহাৰে বৰুৱাই।

Related Articles

Leave a Reply

Close