অসম

নলবাৰী অময়াপুৰৰ পথ দুৰ্ঘটনাত এগৰাকী ৫০ উৰ্ধৰ ব্যাক্তি গুৰুতৰভাৱে আহত

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰী অময়াপুৰত আজি দিনৰ ভাগত এটা পথ দুৰ্ঘটনা সংঘতিত হয় ৷ প্ৰাপ্ত তথ্য মতে হাজো নলবাৰী পথৰ অময়াপুৰৰ বামুন্দি চ’কত আজি ৰাতিপুৱা ৮ বজাত এই দুৰ্ঘটনাটো সংঘতিত হয় ৷

মাধাপুৰ গাঁৱৰ (৫৪) কৃষ্ণ তালুকদাৰে চাইকেলেৰে নলবাৰী চহৰ মুখে আহি থকা অৱস্থাত একে দিশৰ পৰা তীব্ৰ বেগেৰে ছুইফ্ট ডিজিয়াৰ এখনে আহি খুন্দিওৱাৰ লগে লগে চাইকেল আৰোহী তালুকদাৰ বহু দুৰলৈ চিটিকি গুৰুতৰভাৱে আহক হয় ৷

ইতিমধ্যে তীব্ৰ বেগেৰে অহা বগা ৰঙৰ ছুইফ্ট ডিজিয়াৰ খনে ঘটনা সংঘতিত কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে গাড়খন কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷ পাছত আঘাতপ্ৰাপ্ত চাইকেল আৰোহীজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে চিকিৎসালয়লৈ লৈ যায় ৷

Related Articles

Leave a Reply

Close