অসম

নলবাৰী আছুৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী, উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবীত জাতীয় সংগঠনটোই নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা উপায়ুক্তৰ অনুপস্থিত নলবাৰী উন্নয়ন আয়ুক্ত নাদিৰা জেছমিনৰ হাতত প্ৰদান কৰা হয় এই স্মাৰক পত্ৰ।

আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন উপস্থিত থকা আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ খনত সংগঠনটোই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ব্যৱস্থা কৰক, কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীয়ে উন্নিত নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰবাবে পানী নসৰকা বিধৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰক, উপায়ুক্তৰ নেতৃত্বত এই দায়বদ্ধ বিষয়াৰ গোট গঠন কৰক, এই গোটক মাথো অহা চাৰিমাহত নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত নিয়োগ কৰক, কিয়নো অহা ৩১ ডিচেম্বৰ শেষ দিন ধৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ। এই উন্নিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীযে অসমৰ অসমীয়া খিলঞ্জীয়া লোকৰ অন্যতম ৰক্ষা কবচ হ’ব। সেয়েহে আছুই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ শুদ্ধভাৱে হোৱাৰ আশা কৰিছে।

Related Articles

Leave a Reply

Close