অসম

নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এ বি ভি পিক বিধ্বস্ত কৰি আছুৰ দখল

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ আজি ঘোষনা কৰা ফলাফলত এ বি ভি পিক ( ৰাষ্টীয়বাদী সংগঠন) বিধ্বস্ত কৰি অসমৰ জাতিয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ সাফল্যৰে দখল কৰিব সক্ষম হয়। জয় লাভ কৰা মুঠ ন গৰাকী আছু সমৰ্থিত প্ৰাৰ্থী হৈছে – সভাপতি দেৱজিত শৰ্মা, উপ সভাপতি জৌতিময় বৰুৱা, সাধাৰণ সম্পাদক মানসজৌতি তালুকদাৰ ( প্ৰতিদ্বন্দিতা কৰা ) আৰু সহ সাধাৰণ সম্পাদক মিন্টু বৰ্মন, মনজিৎ শৰ্মা, আলোচনী সম্পাদক প্ৰণৱ শৰ্মা,সাংস্কৃতিক সম্পাদক হিমাংশু তালুকদাৰ,
ছাত্ৰ জিৰণি চৰা সম্পাদক অঞ্জন মেধি আৰু গুৰু খেল বিভাগৰ সম্পাদক ব্ৰজেন বৰ্মনে (বিনাপ্ৰতিদ্বন্দিতাই ) নিৰ্বাচিত হয় ।আজি নিৰ্বাচনী ফলাফল ঘোষনাৰ পিছত মহাবিদ্যালয়ৰ বাকৰিৰ পৰা নলবাৰী জিলা আছু কাৰ্যালয়লৈ জয় লাভ কৰা ছাত্ৰ কেইজনক বৃহৎ সমদল কৰি তথা আছু জিন্দাবাদ, আছু লঙ লিভ শ্লোগানেৰে আদৰি নিয়া হয় । জয় লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আছুৰ ৰাজ্যিক সাংগঠানিক সম্পাদক হিমান বৰ্মন, নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দন হালৈ, সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, ছাত্ৰ নেতা ৰুবুল বৰ্মন, নিলকমল বৰ্মন, শশাংক দত্ত, ভবজৌতি বেজবৰুৱা আদিকে ধৰি বিভিন্নজনে অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰে আৰু মহাবিদ্যালয় খনিৰ উত্তোৰণত মনোনিবেশ কৰিবলৈ নিৰ্বাচিত সকলক আহবান জনাই।

Related Articles

Leave a Reply

Close