অসম

নাগ্রীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

প্ৰথম খবৰ, তামুলপুৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উলহ-মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱস উললক্ষে বিদ্যালয় খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে।

ৰাতিপুৱা ১১ বজাত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তথা ছাত্ৰ একতা সভাৰ সভাপতি পৰাগ কুমাৰ শৰ্মাই আঁত ধৰা সভাত শিক্ষক-শিক্ষয়ত্ৰীসকলক ছাত্র-ছাত্ৰীৰ তৰফৰ পৰা ফুলাম গামোচা, অৰনাই আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস আৰু সহকাৰী শিক্ষক হিৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীয়ে শিক্ষক দিৱস উদযাপনৰ তাৎপৰ্য বৰ্ণনা কৰাৰ উপৰিও ৰাধাকৃষ্ণনৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। আজিৰ এই বিশেষ দিনটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নৃত্য-গীত পৰিৱেশন কৰি বিদ্যালয় চৌহদ মুখৰিত কৰি তোলে।

Related Articles

Leave a Reply

Close