অসম

ন-মাটিত কেওট জাতীয় পৰিষদৰ সজাগতা সভা

বেবেজীয়াৰপৰা নীলকমল বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী ন-মাটিত আজি দিনৰ ভাগত সদৌ অসম কেওট জাতীয় পৰিষদৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়। ন-মাটিৰ মণিকা বৰাৰ বাসগৃহ প্ৰাঙ্গনত অনুষ্ঠিত সভাত অষ্ট্ৰিক সৃষ্ট অসমৰ প্ৰাচীন জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ কেওট সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। বিশিষ্ট অভিযন্তা জয়ন্ত কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেওট সম্প্ৰদায়ৰ জীয়ৰী ৪২’ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে স্বাধীনতা সেনানী গৰাকীৰ মৃত্যু তিথি ২০ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ অসমতে বীৰাংগনা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে কেওট সকলক হালোৱা (হালৈ), জালোৱা, পতীয়া, কুমাৰ, মালী আদি ভাগ ভাগ কৰি তেওঁলোকক সাংবিধানিকভাবে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলিও সভাত উপস্থিত সম্প্ৰদায়টোৰ বিশিষ্ট ব্যক্তিসকলে অভিযোগ উত্থাপন কৰে। কিছুসংখ্যকক এছ চি ৰ মৰ্যদা দি বাকী গৰিষ্ঠসংখ্যকক সাধাৰণ জাতিত অন্তৰ্ভুক্ত কৰিছে বুলিও সভাই অভিযোগ উত্থাপন কৰে।

সভাই সকলো কেওট সম্প্ৰদায়ৰ লোককে অনুসূচীত জাতিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায় । সভাখনিত পবন শইকীয়া, ৰাজীৱ হাজৰিকা, কৃষ্টিঞ্জয় বৰা আৰু উৎপল বৰাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰে।

Related Articles

Leave a Reply

Close